Home Top Ad

Responsive Ads Here

How to Eat Food

Share:

   How to Eat Food

 


  আহাৰ বিষয়ত সৰ্বপ্ৰথম নিয়ম হ'ল সময়মতে আহাৰ গ্ৰহণ কৰিব লাগে । পুৱাৰ ভাগত ১০ বজাৰ পৰা ১২ বজাৰ ভিতৰত এবাৰ আৰু ৰাতি ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত এবাৰ খোৱাটো সৰ্বোত্তম সময়। ৰাতি পোৱা ৬ বজাৰ পৰা ৮ বজাৰ ভিতৰত আৰু আবেলি ৩ বজাৰ পৰা ৬ বজাৰ ভিতৰত জলপান খোৱাটো প্ৰয়োজন।
    আহাৰৰ দ্বিতীয় নিয়মটো হ'ল আহাৰ সদায় মিতাহাৰ কৰা। যোগশাস্ত্ৰত উল্লেখ আছে যে মিতাহাৰ নকৰি যোগাভ্যস কৰা লোকে যোগত অকণো সিদ্ধি লাভ কৰিব নোৱাৰে । বৰং তাৰ পৰিৱৰ্তে নানান বেমাৰৰ দ্বাৰাহে আক্ৰান্ত হয়। আহাৰ কিমান পৰিমাণে গ্ৰহণ কৰা উচিত তলৰ  শ্লোকত উল্লেখ আছে-
    "অন্নেন পুৰয়েত অৰ্ধম তোয়েন চ তৃতীয়কম্ ।
  উদৰস্য তুৰীয়াংশং চ সংৰক্ষেত বায়ুধাৰণাত।।"
     অৰ্থাৎ আহাৰ  খাওতে পাকস্হলীৰ আধা অংশ গোটা  আহাৰ খাব লাগে। বাকী থকা  আধা অংশ  দুই ভাগ কৰি তাৰ এভাগ জুলীয়া  আহাৰ খাব লাগে  আৰু বাকী আধা অংশ বায়ুৰ বাবে খালী ৰাখিব লাগে । এই নিয়মৰ ব্যতিক্ৰম হ'লে বদ্ হজম, পেটৰ অসুখ, বমি বমি বা উগাৰ অহা লক্ষণে দেখা দিয়ে।
     তৃতীয়তে, সতেজ আহাৰৰ ওপৰত বেছি গুৰুত্ত দিব লাগে। ৰন্ধা আহাৰ তিনি ঘণ্টালৈ সতেজ হৈ থাকে  আৰু এই  আহাৰ শৰীৰৰ বাবে  উপকাৰী। ৰন্ধাৰ তিনি ঘণ্টাৰ পাছত বাহী হয় অৰ্থাৎ কিছুমান ৰাসয়নিক ক্ৰিয়া সংঘটিত হয় ফলত ই খোৱাৰ অযোগ্য হয়।
      চতুৰ্থতে, ছয় ৰসযুক্ত আহাৰৰ প্ৰয়োজন। আমাৰ মিঠা, তেঙা, লুণীয়া, তিতা, জ্বলা, কেহা এই ছয় প্ৰকাৰৰ ৰস নিৰ্মাণ কৰা পদাৰ্থ থাকিব লাগে । সাধৰণতে তিতা আৰু কেহা ৰস প্ৰায়ে আহাৰত নাথাকে। মিঠা আৰু লুণীয়া ৰসৰ যোগান বেছি হোৱাৰ বাবে আজি সমাজৰ প্ৰায় মানুহৰে মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগ হোৱাটো দেখা যায়।


আমি কি আহাৰ খোৱা উপকাৰী-আমিষ  নে নিৰামিষ? জানিবলৈ link টোত click কৰক।https://vegornonveg.blogspot.com/?m=1
https://drive.google.com/uc?export=download&id=143FPktXs02H9NeELmR312hr2dVcwIYGJ

No comments